নিউজ ডেস্ক, ১১ এপ্ৰিলঃ ডিব্ৰুগড়ত উপস্থিত গৃহমন্ত্রী অমিত শ্বাহ। ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা মানকটা চাহ বাগিচাৰ খেলপথাৰত ৰাজহুৱা সভা সম্বোধন কৰে শ্বাহে। মানকটা খেলপথাৰত জনসভা সম্বোধন কৰাৰ পূৰ্বে শ্বাহে বিজেপিৰ উজনিৰ মাণ্ডলিক কাৰ্যালয় ভাৰ্চুৱেলী ভূমি পূজন কৰে।
সভাত মুখ্যমন্ত্রী, কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰামেশ্বৰ তেলী, অজন্তা নেওগ, বিমল বৰা,সঞ্জয় কিষাণ, যোগেন মোহন, সাংসদ কামাখ্যা তাছা, প্ৰদান বৰুৱা, তপন গগৈ, প্ৰশান্ত ফুকনৰ লগতে বহুকেইগৰাকী নেতা উপস্থিত থাকে।
সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ ১৪খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰিব আৰু ৩০০ৰো অধিক আসনেৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
লগতে তেওঁ কয় যে, বিৰোধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে যিমানেই বেয়া কথা ক’ব, সিমানেই বিজেপি আগবাঢ়ি যাব।
Comments are closed, but trackbacks and pingbacks are open.