Daily Time Axom

মৰ্মান্তিক! ভয়ংকৰ দুৰ্ঘটনাত একেলগে নিহত তিনি স্কুটী আৰোহী

74

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ নগাঁৱৰ চকৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা৷ থিতাতে নিহত হয় তিনি স্কুটী আৰোহী ৷ একেখন স্কুটীতে আহিছিল তিনিজনকৈ যুৱক ৷ ট্ৰাকত খুন্দা মৰাৰ ফলতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৷

আনহাতে, ঘটনাক লৈ উক্ত স্থানত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত আৰক্ষীৰ বাহনত আক্ৰমণ কৰে একাংশ উত্তেজিত লোকে ৷ যানবাহন নিয়ন্ত্ৰণ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন ফুকন আহত হয় উত্তেজিত লোকৰ আক্ৰমণত ৷

উল্লেখ্য যে, এ এচ ০২ ইউ ৬৭৩০ নম্বৰৰ স্কুটীখনে খুন্দা মাৰে এ এচ ০১ এম চি ০৭৮৭ নম্বৰৰ ট্ৰাকখনক ৷ ঘটনাত নিহত যুৱক কেইজন ক্ৰমে বিক্ৰম দাস, মাধুৰ্য দাস আৰু পংকজ দাস ৷

Comments are closed, but trackbacks and pingbacks are open.