বলীউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰে বয়স হোৱা সত্ত্বেও নিয়মীয়াকৈ ব্যায়াম কৰে। শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰামত বডি বিল্ডিঙৰ এটা ভিডিঅ’ প্ৰকাশ কৰিছে।
সেই ভিডিঅ’টোত দেখা গৈছে যে অনিল কাপুৰে মাইনাছ ১১০ ডিগ্ৰীত ব্যায়াম কৰি আছে। অভিনেতাজনে এযোৰ চুটি কাপোৰ আৰু মুখত অক্সিজেন মাস্ক পিন্ধিছে।
কেপচনত অভিনেতাজনে লিখিছে, ‘চল্লিশৰ দুষ্টামিৰ দিন শেষ হ’ল। ৬০ বছৰ বয়সত চেক্সি হোৱাৰ সময়। ফাইটাৰ মোড অন’।
পোষ্টটো শ্বেয়াৰ কৰাৰ পিছত অভিনেতাজনৰ পৰিয়ালৰ লোকে বেলেগ ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভিডিঅ’টোত অনিলৰ পত্নী সুনীতা কাপুৰেও এটা লাভ ইমোজি দিছে। এই বয়সতো দেউতাকৰ উৎসাহ দেখি সৰু কন্যা ৰিয়াইও নিজৰ মৰম প্ৰকাশ কৰিলে।
অনিল কাপুৰৰ পৰৱৰ্তী চিনেমা হৈছে ‘ফাইটাৰ’। মূলতঃ এই চিনেমাখনত অভিনয় কৰি তেওঁ নিজকে এই চিনেমাৰ বাবে প্ৰস্তুত কৰিছে। ২০২৪ চনৰ জানুৱাৰী মাহত মুক্তি পাব বুলি কোৱা হৈছে ছবিখন।