নিগনি হত্যা কৰাটো অতি সাধাৰণ কথা। কিন্তু এজন লোকক নিগনি এটা পানীত ডুৱাই মৰাৰ অপৰাধত জেলত জেললৈ যোৱাৰ কথা কেতিয়াবা শুনিছেনে? উত্তৰ প্ৰদেশৰ বদৌনত প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে। য’ত এজন মানুহক নলাত ডুবাই নিগনি এটাক ‘হত্যা’ কৰাৰ অপৰাধত কাৰাগাৰত ভৰোৱা হৈছে। ২০২২ চনৰ নৱেম্বৰ মাহত এটা নলাত নিগনি ডুবাই দিয়াৰ অভিযোগ উত্থাপন হৈছে লোকজনৰ। এতিয়া আইন অনুসৰি তেওঁক ৫ বছৰৰ কাৰাদণ্ডৰ আশংকা কৰা হৈছে।
জানিব পৰা মতে ৩০ বছৰীয়া যুৱকজনৰ নাম মনোজ কুমাৰ। আৰু বিকেন্দ্ৰ শৰ্মা নামৰ এজন ব্যক্তিয়ে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল মনোজ। বিকেন্দ্ৰই অভিযোগ কৰে যে মনোজে এটা এন্দুৰৰ ঠেঙত এটা শিল বান্ধি নলাত পেলাই দিছিল। নিগনিটোক নলাত পেলোৱাৰ আগতে বাৰে বাৰে নলাৰ পানীত ডুবাইছিল। বাৰে বাৰে এই কাম কৰাৰ বাবে বিকেন্দ্ৰই প্ৰতিবাদ কৰিছিল যদিও কিন্তু মনোজে তেওঁৰ কথাক আওকাণ কৰি নিজৰ কাম অব্যাহত ৰাখে। অৱশেষত মনোজে নিগনিটোৰ ঠেঙত শিল এটা বান্ধি নলাত পেলাই দিলে। এই কাম সহ্য কৰিব নোৱাৰি বিকেন্দ্ৰই মনোজৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিতেই মনোজক গ্ৰেপ্তাৰ কৰা হৈছিল।
কিন্তু অৱশেষত পাঁচ দিনৰ পাছত আদালতৰ পৰা জামিন পালে। আনকি মৃত নিগনিৰ মৃতদেহকো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল।আৰক্ষীৰ মতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, ভিডিঅ’ প্ৰমাণ আৰু স্থানীয় লোকৰ বক্তব্যৰ ভিত্তিত তদন্তকাৰী বিষয়াসকলে মনোজ কুমাৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। যিটো অতি সোনকালে আদালতত দাখিল কৰা হ’ব। ভাৰতীয় আইন অনুসৰি তেওঁৰ কাৰাদণ্ড সৰ্বোচ্চ ৫ বছৰৰ হ’ব ।