সামৰিক অনুশীলনত ব্যস্ত আমেৰিকা-ফিলিপাইনছ

টাইৱানৰ চাৰিওফালে চীনে বৃহৎ পৰিসৰৰ অনুশীলনৰ এদিন পিছতে আৰম্ভ কৰিছে আমেৰিকা আৰু ফিলিপাইনছৰ সৰ্ববৃহৎ যৌথ সামৰিক অনুশীলন।

মঙলবাৰৰ পৰা আৰম্ভ হোৱা দুসপ্তাহজোৰা অনুশীলনত প্ৰায় ১২,২০০ আমেৰিকান সৈন্য, ৫,৪০০ ফিলিপাইন সৈন্য আৰু ১০০ অষ্ট্ৰেলিয়ান সৈন্যই অংশগ্ৰহণ কৰে। বালিকাটান নামৰ অনুশীলনটো ফিলিপাইনছৰ কেইবাখনো প্ৰদেশৰ আশে-পাশে চলি আছে।

চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকা আৰু ফিলিপাইনছে দশক দশক পুৰণি মিত্ৰতাক আগুৱাই নিয়াৰ বাবে নতুন প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰিছিল। সেই সময়ত দুয়োখন দেশে বাৰ্ষিক আটাইতকৈ ডাঙৰ বালিকাটান অনুশীলনৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল।

বিবিচিৰ প্ৰতিবেদন অনুসৰি যোৱা সপ্তাহত টাইৱানৰ ৰাষ্ট্ৰপতি ছাই ইং-ৱেনে চীনৰ সতৰ্কবাণীক আওকাণ কৰি আমেৰিকা ভ্ৰমণ কৰিছিল। কেলিফৰ্ণিয়াত তেওঁ আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ কেভিন মেককাৰ্থীৰ সৈতে সাক্ষাৎ কৰে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বেইজিঙে টাইৱানৰ আশে-পাশে তিনিদিনীয়া বৃহৎ সামৰিক অনুশীলন চলায়। ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈকে সমগ্ৰ টাইৱানত এই অনুশীলন অনুষ্ঠিত হৈছিল। সোমবাৰে সমাপ্ত হয় চীনৰ সামৰিক অনুশীলন।

AssamDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment