ৰাছিয়াৰ এই আক্ৰমণত এতিয়ালৈকে ৮৫০০ সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি ৰাষ্ট্ৰসংঘই দাবী কৰিছে। নিহতসকলৰ অধিকাংশই ইউক্ৰেইন চৰকাৰৰ নিয়ন্ত্ৰণত থকা অঞ্চলৰ। ইয়াৰে ডনেটস্ক আৰু লুহানস্কত ৩ হাজাৰ ৯২৭ জন লোকৰ মৃত্যু হৈছে।
এই তথ্য মঙলবাৰে ব্ৰিটিছ সংবাদ মাধ্যম ৰয়টাৰৰ এক প্ৰতিবেদনত অৱগত কৰা হৈছে।
প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে যে ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা ২০২৩ চনৰ ৯ এপ্ৰিললৈকে ৮,৪৯০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৪,২৪৪ জন আহত হৈছে।
এক বিবৃতি অনুসৰি এই সংখ্যা যথেষ্ট বেছি হ’ব পাৰে বুলি অ’এইচচিএইচআৰে বিশ্বাস কৰে। তীব্ৰ সংঘাতৰ বাবে কিছু ঠাইৰ পৰা পোৱা তথ্য পলম হোৱাৰ লগতে কিছু তথ্য এতিয়াও স্থগিত ৰখা হৈছে।