Daily Time Axom

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, চিটিবাছৰ খুন্দাত থিতাতে নিহত সংবাদকৰ্মী

38

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। চিটী বাছে মহতিয়াই নিলে এজন সংবাদকৰ্মীক। আজি পুৱা কাৰ্যালয়লৈ স্কুটীৰে আহি থকাৰ সময়তে চিটি বাছৰ খুন্দাত থিতাতে নিহত হয় সংবাদকৰ্মীজন। নিহত সংবাদকৰ্মীজনৰ নাম মুস্তাক আলম। গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল মুস্তাক আলম।

বশিষ্ঠৰ বৰপথাৰৰ পৰা গৈ থকাৰ সময়তে বেলতলাত পিছফালৰ পৰা এখন তীব্ৰ বেগী বাছে তেওঁক মহতিয়াই নিয়ে। বেলতলাৰ পৰা দিছপুৰ অভিমুখী আছিল এই বাছখন। বাছখনৰ নম্বৰ AS 01 HC 2629।

Comments are closed, but trackbacks and pingbacks are open.