১৩, ১৪ এপ্ৰিলত মহানগৰীৰ এইকেইটা পথত যান-বাহন চলাচলত নিৰ্দেশনা জাৰি প্ৰশাসনৰ

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ ১৪ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। গুৱাহাটীত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব মোডীয়ে। সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া বিহু অনুষ্ঠানতো অংশগ্ৰহণ কৰিব মোডীয়ে।

ইয়াৰ পূৰ্বে গুৱাহাটী আৰক্ষী আৰু ট্ৰেফিক আৰক্ষীয়ে এক সংবাদমেল সম্বোধন কৰি বিশেষ পথ নিৰ্দেশনা জাৰি কৰে। তলত সৱিশেষ উল্লেখ কৰা হ’ল-

১৩ আৰু ১৪ এপ্ৰিলত বন্ধ থাকিব গধুৰ বাহনৰ চলাচল।

উজনিৰ পৰা অহা গধুৰ বাহন চলিব লাগিব বাইহাটা হৈ।

আনহাতে নামনিৰ পৰা অহা গধুৰ বাহন কলিয়াভোমোৰা, নলবাৰী হৈ চলাৰ নিৰ্দেশ।

১৩ এপ্ৰিলত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।

পুৱা ৭ বজাৰ পৰা নিশা ১১ বজালৈ আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা।

১৪ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।

উজনিৰ পৰা অহা বাহনসমূূহ খানাপাৰা, জিএছ ৰোড হৈ চলাৰ নিৰ্দেশ।

Assamese NewsDaily time axomGuwahatiGuwahati PoliceHimanta Biswa SarmaIndiaNarendra Modi