Daily Time Axom

এইবাৰ ২,১১৪ খন বিহু কমিটীলৈ এককালীন আৰ্থিক সাহায্য চৰকাৰৰ

58

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ এইবাৰ ২,১১৪ খন বিহু কমিটীলৈ আৰ্থিক সাহায্য চৰকাৰৰ। আজি কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডেৰ লাখকৈ টকাৰ এক কালীন আৰ্থিক সাহায্য প্ৰদান কৰে। ১০ বছৰ পুৰণি এই বিহু সমিতিসমূহক বিগত বছৰৰ পৰা এইদৰে বিহু পাতিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰি অহা হৈছে।

লগতে তেওঁ পহিলা জেঠৰ পৰা ৰাজ্যত কোনো বিহুৰ অনুষ্ঠান পাতিব নোৱাৰিব বুলি কয়। ইয়াৰ পৰিৱৰ্তে বিহু সমিতিয়ে অনুষ্ঠিত কৰিব পাৰিব অন্যান্য সাংস্কৃতিক অনুষ্ঠান। এই ক্ষেত্ৰত বিহু সমিতিসমূহক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনাইছে।

আনহাতে বিহু সমিতিসমূহক তেওঁ চান্দা সংগ্ৰহ নকৰিবলৈও আহ্বান জনায়। চান্দাৰ পৰিৱৰ্তে হুঁচৰি মাৰিবলৈ তেওঁ আহ্বান জনাইছে। ইয়াৰোপৰি অসমীয়া ৰাইজক তেওঁ সাতবিহু পালনৰো আহ্বান জনাইছে। অহা বছৰৰ পৰা চৰকাৰৰ উদ্যোগতে সাত বিহু উদযাপন হ’ব বুলিও ঘোষণা কৰে।

Comments are closed, but trackbacks and pingbacks are open.