নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ অৱশেষত আহিল সেই ঐতিহাসিক মুহূৰ্ত। ১১ হাজাৰৰো অধিক নাচনী ঢুলীয়াই কঁপাই তুলিলে সৰুসজাইৰ আকাশ-বতাহ।
বিশ্ব অভিলেখেৰে বাপোটি সাহোন ৰঙালী বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বিশেষ প্ৰয়াস অসম চৰকাৰৰ।
আজি অসমীয়া জাতিৰ হিয়াৰ আমঠু, জাতিৰ আয়ুস ৰেখাস্বৰূপ বিহু নৃত্যৰ নাম অন্তৰ্ভুক্ত হ’ব গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত। সেই অনুসৰি আজি সৰুসজাইত ৫.৩০ বজাৰ ৬.৩০ বজাৰ ভিতৰত ১১, ১০৪ গৰাকী বিহুৱা-বিহুৱতীৰে বিহু প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা কৰা হৈছে।
বিহুনাচৰ উপৰিও ঢোল বাদনেৰেও পৃথকে হ’ব বিশ্ব অভিলেখ। প্ৰায় ৩ হাজাৰ ঢুলীয়াই ঢোল বাদন কৰাৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড হ’ব।