নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী। চামগুৰিত এইবাৰ ৩৫ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল গাণনিক পুলিন শইকীয়া। জল জীৱন আঁচনিৰ বিল মোকলাই দিয়াৰ নামত বোকাখাত PHEৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ কৰ্মচাৰী পুলিন শইকীয়াই লৈছিল ধন।
উল্লেখ্য যে, নিশা তিনি বজাৰলৈকে পুলিন শইকীয়াৰ শহুৰেকৰ ঘৰত তথ্য আৰু অবৈধভাৱে মজুত কৰি ৰখা ধন বিচাৰি অভিযান চলাইছিল দুৰ্নীতি নিবাৰকৰ দলে।
এই অভিযানকালত পুলিন শইকীয়াৰ শহুৰেকৰ ঘৰৰ পৰা কিছু আপত্তিজনক তথ্য আৰু কেইবা লক্ষাধিক টকা জব্দ কৰা হয়।
Comments are closed, but trackbacks and pingbacks are open.