Daily Time Axom

আজি ১১,১০৪ গৰাকী বিহুৱা-বিহুৱতী, ঢোলৰ গুমগুমনিত ৰজনজনাব সৰুসজাই

62

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ আজি সৰুসজাইত বিহুৱে গঢ়িব বিশ্ব অভিলেখ। বিহু নাচৰ লগতে ঢোল বাদনৰো হ’ব বিশ্ব ৰেকৰ্ড । সন্ধিয়া ৫.৩০ বজাৰ পৰা ৬.৩০ বজালৈ হ’ব অনুষ্ঠান। বুধবাৰে জনতা ভৱনত সংবাদমেল যোগে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। আজিৰ অনুষ্ঠানৰ বাবে প্ৰয়োজন নহয় প্ৰৱেশ পত্ৰৰ। গুৱাহাটীবাসীক অনুষ্ঠান চাবলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ।

এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব আজি অসমবাসী। ১১,১০৪ গৰাকী বিহুৱা-বিহুৱতী, ঢোলৰ গুমগুমনিত আজি ৰজনজনাব সৰুসজাই।

কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ ল’ব বিহুৰ অনুষ্ঠানত। সেই সময়তে বিহুৱা-বিহুৱতীসকলক প্ৰদান কৰা হ’ব প্ৰমানপত্ৰ। আনহাতে এই সকলো বিহুৱা-বিহুৱতীক ২৫ হাজাৰকৈ টকা যোগান ধৰিব ৰাজ্য চৰকাৰে।

Comments are closed, but trackbacks and pingbacks are open.