Daily Time Axom

আজি গৰু বিহু

52

নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ আজি গৰু বিহু ।পুৱাই গোহালিৰ গৰুকেইটাক নোৱাই-ধোৱাই গৰু বিহু উদযাপন প্ৰতিজন অসমীয়াৰ। চত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয় । অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু ।

গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। সন্ধিয়া গৰুক আদৰ-সাদৰেৰে গোহালিলৈ অনা হয়৷ পিছত নতুন পঘাৰে গৰুক বন্ধাৰ উপৰিও গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত তথা ন-বিছনীৰে বিচি পিঠা-পনা খুওৱা হয়।

Comments are closed, but trackbacks and pingbacks are open.