নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ অৱশেষত ড্ৰীম গাৰ্ল হেমামালিনীয়ে স্বীকাৰ কৰিলে নিজৰ ভুল। তেওঁ টুইটযোগে উল্লেখ কৰে যে ভুলতে তেওঁ বিহুক বিহাৰৰ বুলি উল্লেখ কৰিছে। মোক ক্ষমা কৰিব। সেয়া বিহু, অসমৰ উৎসৱ হ’ব লাগে।
বৃহস্পতিবাৰে বিহুৰ শুভেচ্ছা দি কৰা এটা টুইটত অসমীয়াৰ স্বাভিমান বিহুক ‘বিহাৰ’ৰ বুলি উল্লেখ কৰিছিল। অভিনেত্ৰীগৰাকীৰ এই টুইটৰ পিছতে সকলোৰে মাজত সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ।