নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ আনুষ্ঠানিকভাৱে চাংসাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS ৷
উল্লেখযোগ্য যে, গৰু বিহুৰ দিনটোতে অসমত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মোদীয়ে। প্ৰথমে চাংসাৰিত নিৰ্মিত AIIMSৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে। AIIMS উদ্বোধনৰ পিছতে সেই স্থানৰ পৰাই নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয় ভাৰ্ছুৱেলী উদ্বোধন কৰিব।
সন্ধিয়ালৈ সৰুসজাই ষ্টেডিয়ামত উপস্থিত থাকি গীণিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ তৰফৰ পৰা বিহুৰ বিশ্ব অভিলেখৰ প্ৰমাণপত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
Comments are closed, but trackbacks and pingbacks are open.