প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী মুকলি কৰিলে নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়

নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী মুকলি কৰিলে নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়।

এই তিনিওখন চিকিৎসা মহাবিদ্যালয় ক্ৰমে প্ৰায় ৬১৫ কোটি টকা, ৬০০ কোটি টকা আৰু ৫৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰীকালীন সেৱা, আইচিইউ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ আৰু ৰোগ নিৰ্ণয়ৰ সুবিধা আদিৰ উপৰি অ’পিডি/আইপিডি সেৱাৰ সৈতে সংলগ্ন ৫০০ খন বিচনাযুক্ত শিক্ষণ চিকিৎসালয় আছে।

উল্লেখ্য যে, আজিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে সৰ্বমুঠ ১৪,৩০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলাৰ লগতে আন আন প্ৰকল্প উদ্বোধন কৰিব।

AIIMSAssamAssamese NewsDaily time axomGuwahatiHimanta Biswa SarmaIndiaNarendra Modi