কেইবাটাও কাৰ্যসূচী লৈ আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ কেইবাটাও কাৰ্যসূচী লৈ আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি উদ্বোধন কৰিব চাংসাৰিৰ এইমছ। ১১২০ কোটি টকাতকৈও অধিক পুঁজি ব্যয়েৰে নিৰ্মিত এইমছ গুৱাহাটী হৈছে ৩০ খন আয়ুষ বিচনাসহ ৭৫০ খন বিচনাযুক্ত এক অত্যাধুনিক চিকিৎসালয়। এই চিকিৎসালয়খনত প্ৰতি বছৰে ১০০ গৰাকী এমবিবিএছ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰাৰ সুবিধাও সন্নিৱিষ্ট কৰা হৈছে। এইমছৰ অনুষ্ঠানতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ‘আপকে দ্বাৰ আয়ুষ্মান’ অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব ৷

ইয়াৰ লগতে ভার্চুৱেল পদ্ধতিৰে নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয় মুকলি কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। এই তিনিওখন চিকিৎসা মহাবিদ্যালয় ক্ৰমে প্ৰায় ৬১৫ কোটি টকা, ৬০০ কোটি টকা আৰু ৫৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰীকালীন সেৱা, আইচিইউ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ আৰু ৰোগ নিৰ্ণয়ৰ সুবিধা আদিৰ উপৰি অ’পিডি/আইপিডি সেৱাৰ সৈতে সংলগ্ন ৫০০ খন বিচনাযুক্ত শিক্ষণ চিকিৎসালয় আছে।

AIMSAssamAssamese NewsDaily time axomGuwahatiHimanta Biswa SarmaIndiaNarendra Modi