Daily Time Axom

মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত ১৩জনৰ মৃত্য

33

নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে এখন বাছ। দুৰ্ঘটনাত ১৩জনৰ মৃত্য আৰু আহত হয় ২৫জনৰো অধিক যাত্ৰী। বাছখনত প্ৰায় ৪০গৰাকী যাত্ৰী আছিল।

জানিব পৰা মতে, শুকুৰবাৰে নিশা খাণ্ডালা আৰু খোপলিৰ মাজৰ পুৰণি ৰাষ্ট্ৰীয় ঘাইপথৰ শিংৰোবা ঘাটৰ পৰা নামি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হৈছিল।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।পিছত আৰক্ষী আৰু স্থানীয় লোকসকলে দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায়।

তাৰে কেইজনমানৰ অৱস্থা কিছুমানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Comments are closed, but trackbacks and pingbacks are open.