Daily Time Axom

আজি পহিলা ব’হাগ, মানুহ বিহু

72

নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ আজি পহিলা ব’হাগ, মানুহ বিহু। ৰাজ্যজুৰি ৰঙালী বিহুৰ পাৰভঙা উছাহ। জ্যেষ্ঠজনৰ আশীষ লৈ বছৰটিৰ মংগল কামনা কৰিলে কনিষ্ঠসকলে।

পৰম্পৰা অনুসৰি পহিলা ব’হাগত অসমবাসীয়ে মানুহ বিহু পালন কৰি আহিছে। আজি পুৱাই মাহ-হালধি সানি গা-পা ধুই গোঁসাইক সেৱা কৰি ৰাইজে বছৰটোলৈ ঘৰখনৰ কুশল মংগল কামনা কৰে। মানুহ বিহু দিনা কণিষ্ঠজনে জ্যেষ্ঠজনক চৰণ চুই সেৱা লয়। ইজনে সিজনক বিহুৱান যাচে আৰু সকলোৱে একেলগে পিঠা-পনা আৰু জলপান খায়।

ঢোল, পেঁপা, গগণাৰ মাতেৰে চৌদিশ ৰজন-জনাইছে। হাতত জেতুকাৰ ৰং বুলাই জীয়ৰী বোৱাৰীহঁতেও পৰম্পৰা ৰক্ষাৰ লগতে এপাক নাচিবৰ বাবে সাজু হৈছে। ঢোল, পেঁপা, গগণাৰ মাতত মুখৰিত হৈ পৰিছে ৰাজ্য। ঘৰে ঘৰে গৈ হুঁচৰি মাৰিবলৈ, ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিবলৈ সাজু হৈছে ডেকা–গাভৰুসকল।

Comments are closed, but trackbacks and pingbacks are open.