নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ ৰঙালী বিহুৰ আনন্দৰ মাজতেই আমিনগাঁৱৰ মৰিয়াপট্টিত এক অঘটন। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ তিনিগৰাকী কিশোৰ-কিশোৰী নদীত ডুব গ’ল। স্থানীয় ৰাইজৰ তৎপৰতাত তিনিও গৰাকী কিশোৰ-কিশোৰী উদ্ধাৰ কৰা হয়।
বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। কিশোৰ-কিশোৰী তিনিগৰাকী আমিনগাঁও মেদিপাৰাৰ অম্বিকা দাস, জিটু দাস, অনন্দ হালদাৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰত অবৈধ খননৰ বাবেই এনে ঘটনা সংঘটিত হৈছে বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে।।