Daily Time Axom

বিহুৰ আনন্দৰ মাজতেই আমিনগাঁৱৰ মৰিয়াপট্টিত অঘটন, ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ ডুব গ’ল তিনিগৰাকী কিশোৰ-কিশোৰী

50

নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ ৰঙালী বিহুৰ আনন্দৰ মাজতেই আমিনগাঁৱৰ মৰিয়াপট্টিত এক অঘটন। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ তিনিগৰাকী কিশোৰ-কিশোৰী নদীত ডুব গ’ল। স্থানীয় ৰাইজৰ তৎপৰতাত তিনিও গৰাকী কিশোৰ-কিশোৰী উদ্ধাৰ কৰা হয়।

বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। কিশোৰ-কিশোৰী তিনিগৰাকী আমিনগাঁও মেদিপাৰাৰ অম্বিকা দাস, জিটু দাস, অনন্দ হালদাৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰত অবৈধ খননৰ বাবেই এনে ঘটনা সংঘটিত হৈছে বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে।।

Comments are closed, but trackbacks and pingbacks are open.