Daily Time Axom

CBIৰ কাৰ্যালয়ত উপস্থিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

32

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ CBIৰ কাৰ্যালয়ত উপস্থিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। সুৰা কেলেংকাৰীক লৈ চমন জাৰি কৰিছিল CBI-এ।

শুকুৰবাৰে CBIৰ তৰফৰ পৰা প্ৰেৰণ কৰা জাননী অনুসৰি কেজৰিৱালে আজি দিনৰ ১১ বজাত সংস্থাটোৰ মুখ্য কাৰ্যালয়ত হাজিৰ হয়।

ইফালে আম আদমি পাৰ্টীয়ে এই জাননীক বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। এই বিষয়ত দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আক্ৰমণ কৰিছে।

লগতে মুখ্যমন্ত্রীগৰাকীক জেৰা চলোৱাৰ সময়ত দলৰ কাৰ্যকৰ্তাই প্ৰতিবাদ সাব্যস্ত কৰে।

Comments are closed, but trackbacks and pingbacks are open.