গেংষ্টাৰ আটিক আহমেদ আৰু ভাতৃ আশ্ৰফ আহমেদক গুলীয়াই হত্যা

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ উত্তৰ প্রদেশত গুলীচালনাৰ ঘটনা। ON CAMERA গুলীয়াই হত্যা গেংষ্টাৰক।সাংবাদিকৰ কেমেৰাৰ সন্মুখতে গেংষ্টাৰক থকা-সৰকা গুলীৰে।

শনিবাৰে নিশা প্ৰয়াগৰাজত আৰক্ষীৰ জিম্মাত স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়তে মেডিকেল কলেজৰ সমীপত সংবাদকৰ্মীৰ ৰূপ লৈ অহা দুষ্কৃতিকাৰীয়ে গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক কেমেৰা আৰু আৰক্ষীৰ সমুখতে গুলীয়াই হত্যা কৰে।

উল্লেখযোগ্য যে, ১৩ এপ্ৰিলত উত্তৰ প্ৰদেশৰ ঝান্সিত এক এনকাউণ্টাৰত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত হোৱাৰ দুদিন পিছতে শনিবাৰে প্ৰয়াগৰাজত চিকিৎসাৰ বাবে নিয়াৰ সময়তে আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰাফ আহমেদক হত্যা কৰা হয়।

Ashraf AhmadAssamese NewsAtiq AhmedDaily time axomIndiaPrayagrajShot DeadUttarpradesh