মালিগাঁও ষ্টেডিয়ামত চাঞ্চল্যকৰ ঘটনা,ছুৰীৰে হানি-খুচি হত্যা এজন যুৱকক

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ মহানগৰীৰ মালিগাঁও ষ্টেডিয়ামত চাঞ্চল্যকৰ ঘটনা।ছুৰীৰে হানি-খুচি হত্যা এজন যুৱকক। নিহত যুৱকজনৰ নাম সীমান্ত তালুকদাৰ বুলি জানিব পৰা গৈছে।

বিহুৰ অনুষ্ঠান উপভোগ কৰি থাকোতেই সংঘটিত হয় এই ঘটনা। এদল যুৱকৰ সৈতে বিহুতলীত কাজিয়াত লিপ্ত হৈছিল যুৱকজন।

GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱকজনৰ।জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে ৰাহুল বৈশ্য নামৰ এজনক। বৰ্তমানো পলাতক অৱস্থাত আছে ঘটনা সংঘটিত কৰা আনকেইজন যুৱক।

AssamAssamese NewsBihuDaily time axomDeathGuwahatiGuwahati PoliceIndiaStabbed