অন্য জাতিৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই দুই কন্যাক হত্যা পিতৃ-মাতৃৰ

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ অন্য জাতিৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই দুই কন্যাক হত্যা পিতৃ-মাতৃৰ। বিহাৰৰ হাজীপুৰত সংঘটিত হৈছে এই ঘটনা। শুই থকা অৱস্থাতে হত্যা কৰে নিজৰ ১৬ বছৰীয়া আৰু ১৮ বছৰীয়া কন্যাক।

ঘৰৰ বিচনাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহকেইটা। আৰক্ষীয়ে জনোৱা অনুসৰি দুই মৃতদেহৰ কাষতেই বহি আছিল মাতৃ। মাতৃয়ে ঘটনাৰ সন্দৰ্ভত কয় যে, ছোৱালী দুজনীক স্বামী আৰু তেঁও হত্যা কৰিছে।

কন্যা দুগৰাকীয়ে অন্য জাতৰ যুৱকৰ সৈতে প্ৰেম কৰিছিল। পৰিয়ালৰ অমতত দুই কন্যাই প্ৰেম কৰিছিল যাৰবাবে পিতৃ-মাতৃয়ে এই সিদ্ধান্ত লয়।

অভিযুক্ত মহিলাগৰাকীৰ নাম ৰিংকু দেৱী আৰু তেঁওৰ স্বামীৰ নাম নৰেশ বৈঠা। ইতিমধ্যে ঘাতক মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানো পলাতক পিতৃ।

Assamese NewsBiharCasteDaily time axomDeathIndiaMurder