নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ গুৱাহাটী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ প্ৰৱল জোকাৰনি। বিয়লি ৪:৫২ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰনি।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৩.৭। ভূঁইকঁপৰ অভিকেন্দ্ৰ কামৰূপ জিলাৰ ভূগৰ্ভৰ ১০ কিলোমিটাৰ গভীৰত। তথ্য অনুসৰি, ভূঁইকঁপৰ জোকাৰণি ভাৰতবৰ্ষ, বাংলাদেশ আৰু ভূটানতো অনুভূত হোৱা বুলি জানিব পৰা গৈছে।