Daily Time Axom

কৰ্ণাটকত বিজেপি এৰি কংগ্ৰেছত যোগদান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

30

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ কৰ্ণাটকৰ বিজেপি শিবিৰত আন এক মোক্ষম আঘাত। প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেটাৰৰ কংগ্ৰেছত যোগদান।
আনহাতে সন্মুখত কৰ্ণাটক বিধানসভা নিৰ্বাচন । ১০ মে’ত ভোটদান প্ৰক্ৰিয়া । ইতিমধ্যে সকলো দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত।

সমাগত নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল শ্বেটাৰ। দলৰ একাংশ জ্যেষ্ঠ নেতাৰ বেয়া ব্যৱহাৰ, উপহাসৰ বাবেই বিজেপিৰ পৰা পদত্যাগ কৰে বুলি জানিবলৈ দিয়ে জ্যেষ্ঠ নেতাগৰাকীয়ে।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সাধাৰণ সম্পাদক কে চি বেনুগোপাল আৰু ৰণদীপ সিং সূৰ্যেৱালাৰ উপস্থিতিত জগদীশ শ্বেট্টাৰে যোগদান কৰে বিজেপিত ।

Comments are closed, but trackbacks and pingbacks are open.