নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ মহাৰাষ্ট্ৰত হিটষ্ট্ৰ’কত ১১জনৰ মৃত্যু। নেভি মুম্বাইত আয়োজিত হৈছিল মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠান। সেই অনুষ্ঠানতে মুকলি আকাশৰ তলত প্ৰচণ্ড ৰ’দত বহি থকাৰ ফলত হিট ষ্ট্ৰ’কত মৃত্যু হয় ১১জনকৈ লোকৰ। প্ৰখৰ ৰ’দ আৰু গৰমত অসুস্থ হৈ পৰে ১২০ জনৰো অধিক লোক। হাস্পতালত ভৰ্তি হৈ আছে অৰ্ধশতাধিক লোক। আনহাতে হাস্পতালত অসুস্থ লোকসকলক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী একনাথ শিন্দেই।
এই অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰ গৃহমন্ত্ৰী অমিত শ্বাহো। সমাজকৰ্মী দত্তাত্ৰেয় নাৰায়ণ ওৰফে আপ্পাছাহেব ধৰ্মাধিকাৰীক মহাৰাষ্ট্ৰ ভূষণ পুৰস্কাৰ দিয়া হৈছিল। সেই উপলক্ষে তাত উপস্থিত হৈছিল লক্ষাধিক লোক। অমিত শ্বাহৰ হাতেৰেই মহাৰাষ্ট্ৰ চৰকাৰৰ এই বঁটা গ্ৰহণ কৰে ধৰ্মাধিকাৰীয়ে।
হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।
Comments are closed, but trackbacks and pingbacks are open.