Daily Time Axom

তামুলপুৰৰ ইক্ৰাবিল গাঁৱত প্ৰসাদত বিষক্ৰিয়া হৈ আক্ৰান্ত গাঁওখনৰ শিশু, মহিলাসহ অৰ্ধশতাধিক লোক

61

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ইক্ৰাবিল গাঁৱত প্ৰসাদত বিষক্ৰিয়া হৈ গাঁওখনৰ শিশু, মহিলাসহ অৰ্ধশতাধিক লোক আক্ৰান্ত৷ ইতিমধ্যে প্ৰসাদত বিষক্ৰিয়া হোৱাৰ ফলত এটি শিশুৰ মৃত্যু হৈছে ৷ মৃত শিশুটিৰ নাম জ্যোতিকা নমঃদাস (১০) বুলি জানিব পৰা গৈছে ।

শনিবাৰে ইক্ৰাবিল গাঁৱৰ এখন গণেশ পূজাত প্ৰসাদ খোৱাৰ পিছৰে পৰা বিষক্ৰিয়াৰ ঘটনা সংঘটিত হয়। বৰ্তমান নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে শিশু, মহিলাসহ অৰ্ধশতাধিক লোক ৷

ইতিমধ্যেই চিকিৎসকসকলে বিষক্ৰিয়া হোৱা লোকৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছে ৷ চিকিৎসকে জানিবলৈ দিয়া মতে গণেশ পূজাৰ প্ৰসাদ খোৱাৰ বাবে বিষক্ৰিয়া হৈছে৷ ঘটনাস্থলীত তামুলপুৰ মহকুমা প্ৰশাসনৰ লোক আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Comments are closed, but trackbacks and pingbacks are open.