অন্নপূৰ্ণা পৰ্বতৰ পৰা উদ্ধাৰ কৰা হৈছে পৰ্বতাৰোহী পৰ্বতাৰোহী বলজিৎ কৌৰক, অনুৰাগ মালু এতিয়াও সন্ধানহীন

নিউজ ডেক্সঃ ৰাখে হৰি মাৰে কোনে। যদিও প্ৰথমে মৃত বুলি ঘোষণা কৰা হৈছিল, তথাপিও হেলিকপ্টাৰেৰে তালাচী অভিযান চলাই ভাৰতীয় মহিলা পৰ্বতাৰোহী বলজিৎ কৌৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । অতিৰিক্ত অক্সিজেন নোহোৱাকৈ অন্নপূৰ্ণা শৃংগ জয় কৰি উভতি অহাৰ সময়তে নিৰুদ্দেশ হয় হিমাচলৰ ছোৱালী বলজিৎ। তেওঁৰ সংগী নোৱেল হান্নাৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও বলজিৎ সন্ধানহীন হয়। অন্নপূৰ্ণাতে নিৰুদ্দেশ হৈছে আন এক ভাৰতীয় পৰ্বতাৰোহী অনুৰাগ মালু। তেওঁৰো সন্ধান চলি আছে। দীৰ্ঘদিনীয়া উদ্ধাৰ অভিযানত হেলিকপ্টাৰত যোৱা উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰে বলজিতক। এই অভিযানেৰে ৭টাকৈ ৮০০০ মিটাৰ শৃংগ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বলজিত। অন্নপূৰ্ণা পৰ্বত জয় কৰি উভতি আহোতে বলজিতৰ আন এজন বিদেশী সহযাত্ৰী নোৱেল হান্নাৰ মৃত্যু হয় মাউণ্ট অন্নপূৰ্ণাত। নোৱেলে ১০ বাৰ এভাৰেষ্ট বগাইছিল।
হিমালয়ান টাইমছ কাকতখনে প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰসংঘৰ উন্নয়ন লক্ষ্যৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে মালুৱে ৮০০০ মিটাৰৰ ওপৰৰ ১৪টা শৃংগ আৰু সাতটা শীৰ্ষ সন্মিলনৰ প্ৰতিটো শৃংগ আৰোহণ কৰিবলৈ বদ্ধপৰিকৰ আছিল। মিংমা শ্বেৰপাই কয় যে, ‘মালু নিৰুদ্দেশ হোৱাৰ লগে লগে আমি বিচাৰিবলৈ আৰম্ভ কৰো৷ যদিও সন্ধিয়ালৈকে তেওঁলোকক বিচাৰি পোৱা নাছিলো ।’

Assamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment