এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ কিছু অংশ ভ্ৰমণ কৰে। মঙলবাৰে হঠাতে তেওঁ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত বিধ্বস্ত ইউক্ৰেইনৰ খেৰচন আৰু লুহানস্কলৈ যায়। মাৰ্চ মাহত ক্ৰেমলিনে মঙলবাৰে এই আকস্মিক ভ্ৰমণৰ কথা ঘোষণা কৰিছিল যদিও এই ভ্ৰমণক ইউক্ৰেইনে তীব্ৰ গৰিহণা দিছে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়াৰ সেনাৰ নিয়ন্ত্ৰণত থকা খেৰচন আৰু লুহানস্কৰ অঞ্চল দুটা পৰিদৰ্শন কৰে। তাত দায়িত্বত থকা ৰাছিয়ান সেনা বিষয়াসকলৰ সৈতেও তেওঁ এখন বৈঠক অনুষ্ঠিত কৰে। ক্ৰেমলিনে প্ৰকাশ কৰা ভিডিঅ’ ফুটেজত পুটিনে কয়, “মই বিচাৰো যে আপুনি আপোনাৰ কাম অব্যাহত ৰাখক। মোৰ উপস্থিতিয়ে আপোনাৰ মনৰ শান্তি বিঘ্নিত নকৰিব।” বিমানৰ পৰা নামি পুটিনে গাড়ীৰে ইউক্ৰেইনৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে।
মঙলবাৰে ক্ৰেমলিনে পুটিনৰ ভ্ৰমণৰ কথা ঘোষণা কৰে। পুটিনে কেতিয়া ইউক্ৰেইন ভ্ৰমণ কৰিছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। কিন্তু এই ভ্ৰমণৰ খবৰ পোহৰলৈ অহাৰ লগে লগে ইউক্ৰেইনক তীব্ৰ সমালোচনা কৰা হয়। ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ উপদেষ্টা মাইখালো প’ড’লাইকে কয় যে, গণহত্যাৰ নায়কে ইউক্ৰেইনলৈ আহিছিল তেওঁৰ শিষ্যসকলৰ কাম-কাজ চাবলৈ। হত্যাকাণ্ড দেখি তেওঁ নিশ্চয় আনন্দিত হৈছিল। কিন্তু ইউক্ৰেইনৰ মাটিলৈ পুটিনৰ এইটোৱেই শেষ ভ্ৰমণ।’
কিয় হঠাতে ইউক্ৰেইন ভ্ৰমণ কৰিলে পুটিনে? ক্ৰেমলিনে প্ৰকাশ কৰা ভিডিঅ’টোত দেখা গৈছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে সামৰিক সেনাধ্যক্ষৰ সৈতে কথা পাতিছে। বিশেষজ্ঞসকলে অনুমান কৰিছে যে আগন্তুক দিনত পুটিনে বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছে। তাৰ আগতে ৰাছিয়া সেনাৰ নিয়ন্ত্ৰণত থকা অঞ্চলটো পৰ্যালোচনা কৰি কৌশল ৰচনা কৰা হৈছে। কিন্তু যোৱা কেইমাহমানত ৰাছিয়াৰ সেনাই একেবাৰেই সফল হোৱা নাই।