বঙাইগাঁও জিলাৰ ২নং জাৰাগুৰীত সদৌ অসম গৰিয়া মৰিয়া দেশী আঞ্চলিক সমিতি উদ্যোগত সমূহিয়া ইফতাৰ আয়োজন কৰে। যি সময়ত একাংশই ধৰ্মীয় মেৰুকৰণক লৈ জয়গান গায়। তেনে সময়ত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ঐক্য, সম্প্ৰতি একতাৰ ভাতৃত্ববোধ নিদৰ্শন দাঙি ধৰি সমহিয়া ইফতাৰ আয়োজন কৰে। উক্ত ইফতাৰ অনুষ্ঠানত উপস্থিত থাকে উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ, বিশিষ্ট চিকিৎসক ইতেশ বৰদলৈ, সিদলসতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলাম, প্ৰাক্তন অধ্যক্ষ হিতেশ বৰ্মন, জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ বৰ্তমান অধ্যক্ষ কন্দৰ্প কুমাৰ ৰায় ,কোজৰাজবংশীৰ নেতা বিকাশ ৰায় লগতে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ বিষয়াকে ধৰি একক অঞ্চলৰ বয়জেষ্ঠ লোক ।