Daily Time Axom

সমলিংগ বিবাহ সন্দৰ্ভত কেন্দ্ৰৰ সৈতে একমত নহয় পৰিচালক বিবেক অগ্নিহোত্ৰীৰ

0 35

‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰী মনোৰঞ্জন জগতৰ ব্যক্তিত্ব হ’লেও গেৰুৱা শিবিৰৰ ঘনিষ্ঠ বুলি জনা যায়। তেওঁ সাধাৰণতে ছ’চিয়েল মিডিয়াত কেন্দ্ৰটোৰ সপক্ষে নিজৰ মতামত প্ৰকাশ কৰে। কিন্তু এইবাৰ বিবেকৰ টুইটটো যেন অলপ বেলেগ সুৰ। কালি অৰ্থাৎ সোমবাৰে সমলিংগ বিবাহক কেন্দ্ৰই ‘নগৰীয়া অভিজাত শ্ৰেণীৰ মতাদৰ্শ’ বুলি অভিহিত কৰিছিল। সেই টুইটটো শ্বেয়াৰ কৰি তেওঁ প্ৰতিবাদ সাব্যস্ত কৰে।

সমলিংগ বিবাহ বৈধতাৰ গোচৰটো মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ, ন্যায়াধীশ এছ কে কৌল, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপীঠৰ সন্মুখত বিচাৰাধীন হৈ আছে। প্ৰথম অৱস্থাত কেন্দ্ৰই গোচৰৰ গ্ৰহণযোগ্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল। ভাৰতত সমলিংগ বিবাহ সামাজিক নৈতিকতাৰ বিৰোধী বুলি খবৰ ওলাইছিল। কেন্দ্ৰই এই বিষয়টোক ‘নগৰীয়া অভিজাত শ্ৰেণীৰ তত্ত্ব’ বুলি উল্লেখ কৰি আইনী বৈধতাৰ সকলো আবেদন খাৰিজ কৰিবলৈও অনুৰোধ জনায়। অৱশ্যে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্ৰৰ আপত্তি নাকচ কৰে।

এই সন্দৰ্ভত মন্তব্য কৰি বিবেকে লিখিছে, “নাই, সমলিংগ বিবাহ কোনো ‘নগৰীয়া অভিজাত শ্ৰেণীৰ তত্ত্ব’ নহয়।

Leave A Reply

Your email address will not be published.