নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ মঙলবাৰে পুৱা অসমৰ প্ৰাক্তন ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল অজয় সিঙৰ দেহাৱসান ঘটে।
১৯৬৫ আৰু ৭১ৰ চনৰ যুদ্ধত অংশগ্ৰহণৰ অভিজ্ঞতাৰে পুষ্ট সিং ২০০৩ চনৰ পৰা ২০০৮ চনলৈকে অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ উত্তৰ-পূব পৰিষদৰো অধ্যক্ষ আছিল। লগতে আলফাৰ বিৰুদ্ধে ‘অপাৰেচন ৰাইনো’ৰো নেতৃত্ব দিছিল সিঙে।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন ৰাজ্যপালগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে অসমলৈ আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে।
Comments are closed, but trackbacks and pingbacks are open.