নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ ৰাজ্যত পুনৰ ডাইনীৰ সন্দেহত নিৰ্যাতন। বিশ্বনাথৰ অন্থাইবাৰী, দিচাবাৰী গাঁৱত ৪জন লোকক অকথ্য শাৰীৰিক নিৰ্যাতন গঞাৰ। ঘটনাস্থলীত বালিচাং আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাসহ ৪জন লোকক। ঘটনাৰ লগত জড়িত মন্দিৰৰ পূজাৰী অঞ্জলি স্বৰ্গীয়াৰীসহ মুঠ ৮ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত দ্বীপেন স্বৰ্গীয়াৰী, বুধিৰাম বসুমতাৰী, শুকুৰ বসুমতাৰী, শিৱ বড়ো, ৰাজীৱ বসুমতাৰী, বলোৰাম বসুমতাৰী, বিজয় নাৰ্জাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ।