নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অখিল গগৈৰ জামিন।NIAৰ গোচৰত বিধায়ক অখিল গগৈৰ জামিন লাভ। উচ্চতম ন্যায়ালয়ে অখিল গগৈক প্ৰদান কৰিলে জামিন। ‘কা’ আন্দোলনত হিংসাত্মক ঘটনা সংক্ৰান্তত NIAই ৰুজু কৰিছিল গোচৰ।
NIAক গোচৰ চলাবলৈ উচ্চ ন্যায়ালয়ে দিয়া অনুমতিৰ বিৰুদ্ধে সৰ্ব্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল বিধায়ক গৰাকীয়ে। বিধায়কগৰাকীৰ আবেদনৰ ভিত্তিত মঙ্গলবাৰে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰৰ শুনানি প্ৰদান কৰে।
উল্লেখ্য যে, শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে পূৰ্বৰে পৰা চলি আছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ।
Comments are closed, but trackbacks and pingbacks are open.