নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ হাৰিয়ানাত ভাগি পৰিল তিনি মহলীয়া ধান বনা কল।হাৰিয়ানাৰ কৰ্ণালত পুৱতি নিশা ৩-৩০ বজাত এই ঘটনা সংঘটিত হৈছে। ধান বনা কল খহি পৰাৰ ফলত এই পৰ্যন্ত ৪ জন শ্ৰমিকৰ মৃত্যু হৈছে। আনহাতে ২০ জন লোক আঘাতপ্ৰাপ্ত আৰু বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। ঘটনা সংঘটিত হোৱাৰ পাছতে এন ডি আৰ এফ আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
জানিব পৰা মতে, নিহত শ্ৰমিক কেইজন বিহাৰৰ বাসিন্দা। শ্ৰমিকসকলে জানিবলৈ দিয়া মতে, সকলো শুই থকাৰ অৱস্থাতে কোনো কাৰণ নোহোৱাকৈ অট্টালিকাটোৰ এটা অংশ খহি পৰে।