মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত বিশেষ সম্বৰ্দ্ধনা সভা

ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বৃহত্তৰ মৰাণ অঞ্চলৰ টাইকোৱাণ্ডো খেলুৱৈৰে গঠিত মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত বিশেষ সম্বৰ্দ্ধনা সভা সম্পন্ন ৷ মৰাণৰ মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰত আজি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি পদক লাভ কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকলক শিক্ষাৰ্থীসকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে এক বিশেষ সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাত আশীৰ দশকতে মৰাণ অঞ্চলত টাইকোৱাণ্ডো প্ৰশিক্ষণ প্ৰদান কৰা প্ৰবীন টাইকোৱাণ্ডো খেলুৱৈ জলজিৎ সিঙক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ এই সভাত শেহতীয়াকৈ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সোণ, ৰূপ, ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ কৃৰ্তি খেলুৱৈসকলক সম্বৰ্দ্ধনা জনোৱা হয় ৷ তদুপৰি চলিত বৰ্ষত বিভিন্ন বেল্ট পৰীক্ষাত অৱতীৰ্ণ মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷

AssamAssamese NewsDaily time axomGuwahatiInternationalWorld
Comments (0)
Add Comment