অষ্ট্ৰেলিয়াৰ উপকূলৰ এটা সৰু দ্বীপত খাদ্য বা পানী নোহোৱাকৈ ছয় দিন জীয়াই থকা ১১ জন ইণ্ডোনেছিয়ান মাছমৰীয়াক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। অষ্ট্ৰেলিয়াৰ সামুদ্ৰিক সুৰক্ষা কৰ্তৃপক্ষই জনোৱা মতে, সোমবাৰে পশ্চিম অষ্ট্ৰেলিয়াৰ ব্ৰুমৰ পৰা প্ৰায় ৩৩০ কিলোমিটাৰ (২০৫ মাইল) পশ্চিমে বেডৱেল দ্বীপৰ পৰা নিৰাপদে বিমানেৰে লৈ যোৱা হয়। অৱশ্যে আৰু ৯ জনক হত্যা কৰাৰ আশংকা।
জীৱিত মাছমৰীয়াসকলে কৰ্তৃপক্ষক জনোৱা মতে, তেওঁলোকৰ দুখন মাছ ধৰা জাহাজ, এখনত ১০খন আৰু আনখনত থকা ৯জনে , ধুমুহাৰ মাজত পৰে। প্ৰথমখন জাহাজ বেডৱেল দ্বীপত প্ৰচণ্ড বতাহ আৰু ঢৌত পাৰলৈ উটি গৈছিল যদিও আনখন জাহাজ ডুব গৈছিল।
জীৱিতসকলে জনোৱা মতে, তেওঁলোকৰ দুখন নাও যোৱা সপ্তাহত শক্তিশালী গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ ইলছাৰ আঘাতত সাগৰত ডুব গৈছিল। জাহাজখনৰ ১০ জনৰ ভিতৰত ৯ জন এতিয়াও সন্ধানহীন হৈ আছে। যোৱা সপ্তাহত অষ্ট্ৰেলিয়াৰ উত্তৰ-পশ্চিম উপকূলত ৫ নং শ্ৰেণীৰ ঘূৰ্ণীবতাহ ইলছাই আঘাত হানি বেডৱেল দ্বীপত চোৰাংচোৱাগিৰি অভিযানত থকা এখন সীমান্ত নিৰাপত্তাৰ হেলিকপ্টাৰে এই মাছমৰীয়াসকলক দেখা পাইছিল। তাৰ পিছত তেওঁলোকক উদ্ধাৰ কৰি ব্ৰুমলৈ আনি প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়োৱা হয়।