Daily Time Axom

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁৱৰ বিষুৱা উৎসৱত উপস্থিত থাকি কি লিখিলে ফেচবুক পেজত

0 25

কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত লোকজীৱন আৰু লোককলাই জনগোষ্ঠীটোৰ সাংস্কৃতিক চেতনাক প্ৰাণৱন্ত কৰি তোলাৰ লগতে অসমৰ বৰ্ণিল, বৈচিত্ৰ্যময় তথা বৈশিষ্ট্যমণ্ডিত লোককলা-কৃষ্টিৰ সৌৰভ প্ৰকাশি আহিছে। বিষুৱা হৈছে জনগোষ্ঠীটোৰ প্ৰাণৰ এক স্পন্দিত উৎসৱ।‌ সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ আটাইকেইটা গোটৰ যৌথ উদ্যোগত আৰু কেন্দ্ৰীয় বিষুৱা উৎসৱ উদযাপন সমিতিৰ সহযোগত বঙাইগাঁও জিলাৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত সাতদিনীয়া কাৰ্যসূচীৰে আয়োজিত দশম বাৰ্ষিক কেন্দ্ৰীয় বিষুৱা উৎসৱৰ আজি মুকলি সভাত উপস্থিত থাকিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ।

ব’হাগ বিহুৱে জাতি-জনগোষ্ঠীৰ মাজত ঐক্যতান গঢ়ি অসমীয়া মানুহৰ স্বকীয় সাংস্কৃতিক পৰিচয় বিশ্বৰ প্ৰেক্ষাপটত উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছে। শিক্ষা, সংস্কৃতি, ক্ৰীড়া আদি সকলো ক্ষেত্ৰতে বিকশিত কৰাৰ লক্ষ্যৰে একতা আৰু সমন্বয়ৰ মাজেৰে আগুৱাই যাবলৈ জনগোষ্ঠীটোক আহ্বান জনালোঁ। মই সকলোকে ৰঙালী বিহু আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

মোৰ সৈতে কেবিনেট সতীৰ্থ শ্ৰীজয়ন্ত মল্লবৰুৱা, মাননীয় বিধায়ক শ্ৰীঅজয় কুমাৰ ৰায়, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীগকুল বৰ্মন, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মাননীয় সদস্য শ্ৰীপ্ৰণৱ জ্যোতি বৰ্মন, বি টি আৰৰ মাননীয় পাৰিষদীয় সদস্য শ্ৰীঅৰূপ কুমাৰ দে’, সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ আটাইকেইটা গোটৰ সন্মানীয় উপদেষ্টা, সভাপতি মণ্ডলী তথা কৰ্মকৰ্তাবৃন্দ, ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলা সমিতিৰ মাননী‌য় সভানেত্ৰী শ্ৰীমতী হিমানী অধিকাৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.