ঈদৰ প্ৰস্তুতিত ব্যস্ত ৰাজ্যৰ ইছলাম ধৰ্মালম্বী লোকসকল

সমাগত ঈদ, ঈদৰ কাপোৰ কিনাত ব্যস্ত দেখা গৈছে ইছলাম ধৰ্মাৱলম্বী লোক। প্ৰত্যেক বছৰতকৈ এইবাৰ অলপ ব্যতিক্ৰম দেখা পোৱা গৈছে ইছলাম ধৰ্মালম্বীসকলক। ঈদৰ প্ৰাক মুহূৰ্তত গ্ৰাহক সকলে ভিৰৰ মাজতে ক্ৰয় কৰিছে নিজৰ নিজৰ পচন্দৰ সাজ পাৰ, কাপোৰ দোকান , চেণ্ডেলৰ দোকান, আধুনিক ডিজাইনৰ সাজ পাৰ ক্ৰয় কৰি থকা গ্ৰাহক সকলৰ দৃশ্য হৈ পৰিছে মনমোহা। এমাহ ৰমজানৰ অন্তত আনন্দৰ দিন পাব ঈদউল ফিতৰ। ঈদ মানে আনন্দই আনন্দ। বৃহত্তৰ বটদ্ৰৱাৰ শান্তিজান বজাৰ কদমণি বজাৰ ধূপগুৰি বজাৰ, টুকটুকী বজাৰ , ধিং বজাৰত এনেদৰে নিজৰ লগতে নিজৰ আত্মীয়ৰ কাৰণে কাপোৰ কিনাত ভিৰৰ মাজত পৰিলক্ষিত হৈছে ইছলাম ধৰ্মালম্বী লোক সকল। হেঁপাহৰ ঈদৰ বাবে সকলোৱে কেৱল ব্যস্ত।

AssamAssamese NewsDaily time axomGuwahatiWorld
Comments (0)
Add Comment