পুঞ্চৰ ভাটাদুদিয়ান অঞ্চলৰ জম্মু-পুঞ্চ ৰাষ্ট্ৰীয় ঘাইপথত সামৰিক বাহনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। কোৱা হৈছে যে ইয়াৰ ফলত চাৰিজন জোৱানে প্ৰাণ হেৰুৱাইছে। অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও নিশ্চিত হোৱা নাই। আনহাতে, দুৰ্ঘটনাটো গম পোৱাৰ লগে লগে স্থানীয় ৰাইজে সেই স্থানত উপস্থিত হয়। আৰক্ষী আৰু সেনাকো অৱগত কৰা হৈছে। থিতাতে উদ্ধাৰ অভিযান চলোৱা হৈছে। বাহনখনত কেনেদৰে জুই লাগিল সেয়া সম্প্ৰতি তদন্ত চলি আছে।