ভাৰতৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই SCOৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহিব পাকিস্তানৰ বৈদেশিক মন্ত্ৰী

ভাৰতলৈ আহি আছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো জৰ্দাৰী। মে’ মাহত অনুষ্ঠিত হ’বলগীয়া এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰিব পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে। প্ৰসংগক্ৰমে ভাৰতে বৰ্তমান এছ চি অ’ সন্মিলনৰ অধ্যক্ষতা কৰি আছে। সেয়েহে পাকিস্তানক সদস্য দেশ হিচাপেও আমন্ত্ৰণ জনোৱা হৈছে। পাকিস্তানৰ লগতে চীনৰ বৈদেশিক মন্ত্ৰীকো আমন্ত্ৰণ জনোৱা হৈছে।

ভাৰতে ৯ মাহৰ বাবে চাংহাই সহযোগিতা সংস্থাৰ অধ্যক্ষতা কৰিব। সেয়ে দেশৰ খেলপথাৰত কেইবাখনো গুৰুত্বপূৰ্ণ সন্মিলনৰ আয়োজন কৰা হ’ব। অহা ৪ আৰু ৫ মে’ত গোৱাত অনুষ্ঠিত হ’ব বৈদেশিক মন্ত্ৰী সন্মিলন। বিলোৱাল ভুট্টো জৰ্দাৰীক তাত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। তেওঁক ইছলামবাদত থকা ভাৰতীয় দূতাবাসৰ জৰিয়তে আমন্ত্ৰণ জনাইছিল ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। পাকিস্তানে বৃহস্পতিবাৰে জনাইছে যে বিলোৱালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া সন্মিলনত অংশগ্ৰহণ কৰিব।

পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ মুমতাজ জাহৰা বালোচে কয় যে বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো জাৰ্দাৰীয়ে এছচিঅ’ৰ বৈঠকত পাকিস্তানৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিব। এই প্ৰতিনিধি দলটোৱে ৪ আৰু ৫ মে’ত ভাৰতৰ গোৱাত অনুষ্ঠিত হ’বলগীয়া এছ চি অ’ সন্মিলনত অংশগ্ৰহণ কৰিব। পাকিস্তানে এছ চি অ’ৰ চনদ আৰু পদ্ধতিক সন্মান কৰে। নিজ নিজ অঞ্চলৰ বৈদেশিক নীতিতো দেশৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই দুটা কাৰক মনত ৰাখি পাকিস্তানে এছ চি অ’ সন্মিলনত যোগদান কৰিছে।”

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment