লাউভূৰুঙ্গাত অনুষ্ঠিত হয় চকুৰ বিনামূলীয়া অস্ত্ৰোপচাৰৰ এটি বাচনি শিবিৰ

শংকৰদেৱৰ নেত্ৰালয় আৰু ভাঞ্চালি ট্ৰাষ্টৰ উদ্যোগত আৰু লাউভূৰুঙ্গা নৱজ্যোতি যুৱক সংঘৰ সৌজন্যত আজি লাউভূৰুঙ্গাত অনুষ্ঠিত হয় চকুৰ বিনামূলীয়া অস্ত্ৰোপচাৰৰ এটি বাচনি শিবিৰ।লাউভূৰুঙ্গা বালক প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত চকু বিনামূলীয়া অস্ত্ৰোপচাৰ শিবিৰটোত শংকৰদেৱ নেত্ৰালয়, গুৱাহাটীৰ চিংকিৎসকৰ দলে লোক সকলৰ চকু পৰীক্ষা কৰে।আনহাতে অঞ্চলটোৰ শতাধিক লোকৰ চকু পৰীক্ষা কৰা হয় আজিৰ এই শিবিৰটোত।উল্লেখ্য যে আজি শিবিৰটোত অস্ত্ৰোপচাৰৰ বাবে বাচনি হোৱা লোক সকলক অহা ২৩ এপ্ৰিলত গুৱাহাটীৰ শংকৰদেৱৰ নেত্ৰালয় লৈ লৈ যাব আৰু তেওঁলোকৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণৰূপে বিনামূলীয়া বুলি কলে শংকৰদেৱৰ নেত্ৰালয় মৰিগাঁৱৰ ভিজন চেণ্টাৰ চিনিয়ৰ CHW সুভাষ ডেকাই প্ৰকাশ কৰে।

AssamAssamese NewsDaily time axomGuwahati
Comments (0)
Add Comment