Daily Time Axom

আমিনগাঁৱত মহামাৰীত মৃত্যু হোৱা লোকৰ ঘৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

0 34

কামৰূপ জিলাৰ আমিনগাঁওত মহামাৰীৰ ৰূপ ধাৰন কৰিছে জণ্ডিচ বেমাৰে। এই জণ্ডিজ ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে চাৰিগৰাকীকৈ লোকৰ। বৰ্তমানো চিকিৎসাধীন হৈ আছে অঞ্চলটোৰ ৬২ গৰাকীকৈ লোক। আজি ইয়াৰ খবৰ লবলৈ ৰাতিপুৱাই ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । আজি আমিনগাঁৱত উপস্থিত হৈ জণ্ডিছ জনিত ৰোগত আক্ৰান্ত হৈ পহিলা বহাগত মৃত্যু হোৱা তিনিওজন লোকৰ পৰিয়ালৰ খবৰ লোৱাৰ লগতে মহামাৰীত আক্ৰান্ত হোৱা আন লোকৰো খবৰ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মৃতকৰ ঘৰত গৈ সকলো পৰিস্থিতিৰ বুজ লৈ দুৰ্ভগীয়া পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰাৰ লগতে আগন্তুক ১০ দিনৰ ভিতৰত ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেখেতে কয় যে কাইলৈ গুৱাহাটী মেডিকেল কলেজৰ তৰফৰ পৰা চিকিৎসকৰ এটা বৃহৎ দল আহিব আমিনগাৱলৈ। অঞ্চলটোত চিকিৎসা প্ৰদান কৰাৰ লগতে পৰীক্ষা কৰিব আমিনগাৱ বাসীৰ। পানীৰ পৰা এই ভয়ংকৰ ৰোগ বিয়পাৰ লগতে ৰেল বিভাগৰ লগত আলোচনা কৰি পানী টেংকিসমূহ পৰিষ্কাৰ কৰি সময়ৰ লগত আধুনিকীকৰণ কৰাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে । আজি মুখ্যমন্ত্ৰী গৰাকীৰ লগতে জনস্বাস্থ্য বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও ঘটনাস্থলীত উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.