Daily Time Axom

কিয় আৰু কি বিমা কৰি চৰ্চাত আছে এইজন ভাৰতীয় মূলৰ কেৰন লী

0 37

কাম থাকিলেহে দাম হ’ব! ভাৰতীয় মূলৰ আমেৰিকান পৰ্ণ ষ্টাৰ কেৰন লীয়ে বিষয়টো সঠিক সময়ত বুজি পাইছিল। আৰু সেইবাবেই সুযোগ লৈ শৰীৰৰ যিটো অংশ আটাইতকৈ বেছি ব্যৱহাৰ কৰিব লাগে, আৰু যিটো অংশৰ বাবে দেশত জনপ্ৰিয়, তাকেই কেৰাণে বীমাত অন্তৰ্ভুক্ত কৰিলে!

ইয়াৰ বিষয়ে স্পষ্টকৈ ক’ব গ’লে, প্ৰথমে বন্ধুসকলে ধেমালিতে কেৰনৰ নগ্ন ছবি এটা পৰ্ণ চাইটত আপলোড কৰিছিল। তেতিয়াই কেৰনলৈ এখন নীলা ছবিত অভিনয় কৰিবলৈ ফোন আহিল। তেওঁ সেই প্ৰস্তাৱ গ্ৰহণো কৰিলে। প্ৰথমতে তেওঁ ইয়াক কেৱল চখ হিচাপেহে লৈছিল যদিও পিছলৈ নীলা ছবিক পূৰ্ণকালীন পেছা হিচাপে বাছি লয়। আৰু এতিয়া জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছে।


লণ্ডনত জন্মগ্ৰহণ কৰা ভাৰতীয় মূলৰ এই পৰ্ণ ষ্টাৰগৰাকীয়ে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ ত্বৰান্বিত কৰিবলৈ ২০০২ চনত আমেৰিকালৈ গুচি যায়। ইয়াৰ পিছত তেওঁ পিছলৈ ঘূৰি চাব নালাগিল। নিশাৰ ভিতৰতে সফলতা আহে নীলা ছবিৰ জগতখনত। এতিয়া তেওঁ এজন তাৰকা। বহু বঁটাও পাইছে। আৰু সেই জনপ্ৰিয়তাৰ বাবেই কেৰনৰ লিংগটো আমেৰিকাৰ নীলা ছবি প্ৰডাকচন কোম্পানী এটাৰ দ্বাৰা বীমা কৰা হৈছে। ২০১২ চনত তেওঁৰ লিংগৰ বাবে ভাৰতীয় মুদ্ৰাত ৮ কোটিতকৈ অধিক টকাৰ বীমা চহী কৰা হৈছিল। কিন্তু কেৱল নীলা ছবিখনৰ বাবেই নহয়, কেৰনৰ ছ’চিয়েল মিডিয়াতো যথেষ্ট ফ’ল’ৱাৰচ আছে।

Leave A Reply

Your email address will not be published.