Daily Time Axom

জীৱিত আছে অনুৰাগ, তিনি দিনৰ পিছত অন্নপূৰ্ণাত সন্ধান , সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

0 22

সোমবাৰে অন্নপূৰ্ণাৰ পৰ্বতাৰোহীৰ ৩ আৰু ৪ নং শিবিৰৰ এটা গভীৰ খাৱৈত পৰে।

তাৰ পিছতে নিৰুদ্দেশৰ হৈ আছিল ৰাজস্থানৰ পৰ্বতাৰোহী অনুৰাগ মালু। একেৰাহে তিনিদিন ধৰি হেলিকপ্টাৰেৰে তালাচী চলাইছিল উদ্ধাৰকাৰীয়ে। অৱশেষত বৃহস্পতিবাৰে অন্নপূৰ্ণাত উদ্ধাৰ হয় ৰাজস্থানৰ পৰ্বতাৰোহী অনুৰাগ মালুক। তেওঁ জীয়াই আছে কিন্তু তেওঁৰ শাৰীৰিক অৱস্থা অতি সংকটজনক। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

অনুৰাগৰ ভাতৃ সুধীৰে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত কয়, ‘অনুৰাগক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হ’ল। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।’

সোমবাৰে বিশ্বৰ দশম সৰ্বোচ্চ শৃংগ অন্নপূৰ্ণা বগাই যোৱাৰ পূৰ্বে অনুৰাগে সন্মিলন শিবিৰত অসুস্থ অনুভৱ কৰিছিল। তাৰ পাছত নামি আহিবলৈ ধৰে। বেয়া বতৰৰ বাবে নামি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। বৰফৰ মাজত অনুৰাগে তেনেকৈয়ে ৭২ ঘণ্টা সময় কটায়।

Leave A Reply

Your email address will not be published.