শাৰীৰিক ভাবে সক্ষম ব্যক্তি আৰু শিশু সকলৰ লগতে সামাজিক ক্ষেত্ৰত চৰকাৰে আগবঢ়োৱা আঁচনি সমূহৰ সফল ৰূপায়ণৰ বাবে এই বঁটা লাভ পঞ্চায়তৰ।
নতুন দিল্লীত মহামহিম ৰাষ্ট্ৰপতিৰ হৈ গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজৰ মন্ত্ৰী গিৰাৰাজ সিঙে পঞ্চায়তটোয়ে লাভ কৰা সফলতাৰ বাবে প্ৰদান কৰে এই বঁটা।
এই বঁটা পঞ্চায়তৰ হৈ গ্ৰহণ কৰে ভকতগাঁও গাঁও পঞ্চায়তৰ সভাপতি ছাহাব উদ্দিন আহমেদে।
উক্ত কাৰ্যসূচীত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসো উপস্থিত থাকে।
ভকতগাঁও গাঁও পঞ্চায়তৰ সভাপতি ছাহাব উদ্দিন আহমেদে আজি নিজ গৃহত আহি উপস্থিত হৈছেহি। অসংখ্য গুণমুগ্ধলোক সকলে তেওঁৰ বাসগৃহত আহি আজি তেওঁক উষ্ম আদৰণি জনায় ।লগতে ভকতগাঁও গাঁও পঞ্চায়তৰ সভাপতি ছাহাব উদ্দিন ডাঙৰীয়াই ভকতগাঁও গাঁও পঞ্চায়তবাসী সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে এই বঁটা পোৱাৰ বাবে। লগতে ভকতগাঁও গাঁও পঞ্চায়তৰ সকলো বিষয়ববীয়া আৰু বিশেষকৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে ভকতগাঁও গাঁও পঞ্চায়তৰ সভাপতি ছাহাব উদ্দিন আহমেদে।