Daily Time Axom

নৰেন্দ্ৰ মোদীৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক অভিনন্দন

0 24

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ লগতে সমগ্ৰ বাংলাদেশবাসীক ঈদৰ শুভেচ্ছা জনায়।

এই শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ স্বাক্ষৰিত এখন পত্ৰত প্ৰকাশ কৰা হৈছে। পত্ৰখনত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লিখিছে, “ভাৰতবাসীৰ হৈ আপোনালোক আৰু বাংলাদেশৰ জনসাধাৰণক ঈদৰ আন্তৰিক শুভেচ্ছা জনাইছো।” এই শুভ অনুষ্ঠানত মুছলমান উম্মাহ আৰু বিশ্ববাসীয়ে ঐক্য আৰু ভাতৃত্ববোধৰ মূল্যবোধ উপলব্ধি কৰিছে। নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰি কয় যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ব্যক্তিগত পদক্ষেপৰ ফলস্বৰূপে দুয়োখন দেশৰ বহুপক্ষীয় অংশীদাৰিত্বৰ সম্পৰ্ক বিশ্বৰ চুবুৰীয়া সম্পৰ্কৰ আদৰ্শলৈ ৰূপান্তৰিত হৈছে। লগতে শ্বেখ হাছিনাৰ সৈতে কাম কৰি দুয়োখন দেশৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব বিচৰা বুলিও কয়। শেষত ঈদ উপলক্ষে নৰেন্দ্ৰ মোদীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ লগতে বিশ্ববাসীৰ বাবে শান্তি, সম্প্ৰীতি, সুস্বাস্থ্য আৰু সুখী জীৱনৰ কামনা কৰে।

Leave A Reply

Your email address will not be published.