চিৰাং জিলাৰ বিজনীত বিজনী আঞ্চলিক এবছুৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে ৰংজালী বৈসাগু।উক্ত কাৰ্যসূচীত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো উপস্থিত থাকি ৰংজালী বৈসাগুক বিশ্ব দৰবাৰত লৈ যাব লাগিব, তাৰবাবে প্ৰচেষ্টা হাতত ৰাখিছোঁ বুলি মন্তব্য কৰে।কিন্তু এবছুৰ উদ্যোগত বিশ হেজাৰ বড়ো নাচনীক লৈ বিশ্ব ৰেকৰ্ড কৰিব বুলি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিৰ ক্ষেত্ৰত এতিয়ালৈ তেনে সিদ্ধান্ত লোৱা নাই বুলি স্পষ্ট কৰি দিয়ে। অসমত চাৰিওফালে বৈসাগু অনুষ্ঠিত হৈ আছে। উঠি অহা বড়ো যুৱক-যুৱতী সকলকলৈ তেজপুৰত এটা কৰ্মশালাহে পাতিছোঁ।হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছে।তেনে এটা কাৰ্যসূচীৰ কথা চিন্তাহে কৰিছোঁ, এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই, ৰাইজে ভুল বুজিব নালাগে বুলি স্পষ্ট কৰে এবছুৰ সভাপতি দ্বীপেন বড়োই। ইফালে বিজনী আঞ্চলিক এবছুৰ ১৪ সংখ্যক ৰংজালী বৈসাগু এক সুকীয়া বুলি মন্তব্য কৰে। ইয়াত বিভিন্ন ধৰণৰ থিম ব্যৱহাৰ কৰা হয়।বড়ো সংস্কৃতিৰ স্বকীয়তা, কৃষি ভিত্তিক ৰংজালী বৈসাগু উপস্থাপন কৰাৰ ক্ষেত্ৰত বিজনী আঞ্চলিক এবছুৱে প্ৰতিবছৰে বিশেষ ভূমিকা পালন কৰি অহা বুলি মন্তব্য কৰে এবছুৰ সভাপতি গৰাকীয়ে।